মহানিম সেউজীয়া সোণ

মহানিম সেউজীয়া সোণ : নিম দুবিধ আছে । এবিধ ঘোঁৰানিম ; আনবিধ মহানিম । মহানিম গছজোপাৰহে বহুল ব্যৱহাৰ আছে । এই উদ্ভিদৰ প্ৰতিটো অংশৰে ব্যৱহাৰ হয় । মহানিম গছ পোন প্ৰথমে দক্ষিণ আৰু পূব এচিয়াত পোৱা গৈছিল যদিও আজিকালি আফ্রিকা , আমেৰিকা , অস্ট্রেলিয়া আদি দেশৰ ক্ৰান্তীয় আৰু উপ – ক্ৰান্তীয় অঞ্চলতো ইয়াৰ খেতি কৰিবলৈ লৈছে উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত মহানিমৰ বৃদ্ধি ভাল হয় আৰু পথৰ দাঁতিত ডাঙৰ আকাৰৰ গছসমূহ সততে চকুত পৰে । অসমত মহানিম গছক ব্যাপকভাৱে ৰোপণ কৰা হোৱা নাই । থকা গছসমূহৰ শ্ৰীবৃদ্ধিও উত্তৰ ভাৰতৰ গছবোৰৰ দৰে সবল নহয় ।

মহানিম গছৰ বৃদ্ধি খৰটকীয়া । গছ ২৫ মিটাৰলৈকে ওখ হ’ব পাৰে । এই উদ্ভিদ শুকান জলবায়ু তথা য’ত বছৰেকত বৰষুণৰ পৰিমাণ ৪০০-৮০০ মিঃ মিঃ হয় তেনে অঞ্চলত খুব ভাল হয় । মহানিম গছে অতিপাত খৰাং ,বাম তথা লুণীয়া মাটিও সহ্য কৰিব পাৰে ।

বর্ণনাঃ –

মহানিমৰ বৈজ্ঞানিক নাম Azadirachta Indica A. Juss . গোত্র Meliaceae . ইংৰাজীত এই গছক Neem tree , Margosa tree বা India lilac নামেৰে জনা যায় । নিমৰ পাত মধ্য সেউজীয়া আৰু কাষটো খাজকটা । মধ্যশিৰাই পাতখিলাক অসমানভাৱে দুটা ভাগত ভাগ কৰে । একোডাল ঠাৰিত পাতৰ সংখ্যা ৭ ১৭ লৈ আৰু দৈৰ্ঘ্য ৭ ছেঃ মিঃলৈ হয় । হালধীয়া মিঠা মণ্ডই গুটিটোক আগুৰি ৰাখে । গুটিটোত থকা মুগা বৰণৰ শাহ টান বগা খোলাত সোমাই থাকে এজোপা পুৰঠ গছে । দিয়া ফলৰ পৰিমাণ পৰিবেশৰ বিভিন্ন কাৰকসমূহ যেনে বৰষুণ , মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰে । গড় হিচাপে প্ৰতিজোপা গছে বছৰি ৫০ কিঃ গ্ৰাঃ ফল উৎপাদন কৰিব পাৰে ।

ব্যৱহাৰঃ-

প্রত্যেক বছৰে পৃথিৱীত প্রায় এক তৃতীয়াংশ খাদ্য শস্য ২০,০০০ তকৈ অধিক কীট – পতঙ্গই নষ্ট কৰে । কেৱল ভাৰততে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ পাছতো প্রতি বছৰে প্ৰায় ৫০০ কোটি টকাৰ শস্য নষ্ট হৈ আছে । ৰাসায়নিক কীটনাশকৰ বহল ব্যৱহাৰে মানুহ তথা অন্যান্য জীৱৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । কীটনাশক ঔষধবোৰে অনিষ্টকাৰী কীট পৰুৱাক ধ্বংস কৰাৰ উপৰিও অন্যান্য প্রয়োজনীয় কীট – পতঙ্গ , পোক – পৰুৱাক ধ্বংস কৰি উলুৰ লগত বগৰীও পোৰাৰ দৰে সমগ্ৰ ইক’লজিত অসমতাৰ সৃষ্টি কৰিছে । তদুপৰি ঔষধবোৰৰ মাটিত থাকি যোৱা বিহে মাটি , পানী , বায়ু তথা খাদ্যত প্ৰদূষণৰ সৃষ্টি কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে প্ৰতিবছৰে কীটনাশক ঔষধ প্রয়োগৰ ফলত বিশ্বৰ প্ৰায় ৩০০০,০০০ ( ইয়াৰে ২,২০,০০০ জনৰ মৃত্যু হৈছে ) লোক বিষক্রিয়াজনিত কাৰণত আক্ৰান্ত হৈছে । এই গুৰুত্বপূৰ্ণ দিশসমূহলৈ লক্ষ্য ৰাখি কেৱল প্রয়োজন সাপেক্ষেহে ৰাসায়নিক ঔষধ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া হৈছে । লগতে জৈৱিক নিয়ন্ত্রণ ( biological control ) ৰ ওপৰত অধিক মনোনিবেশ কৰা হৈছে ।

সাম্প্রতিক কালত বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকলৰ মাজত নিম কীটনাশক গুণসম্পন্ন অথচ নিৰাপদ প্ৰদূষণমুক্ত হোৱা বাবে অধিক জনপ্ৰিয় হৈ পৰিছে । মহানিমৰ গুণাগুণৰ মূলতে হ’ল তাত থকা কিছুমান ৰাসায়নিক পদার্থ যিবোৰক লিম নয়ডছ বুলি কোৱা হয় । বিজ্ঞানীসকলে নিমৰ তেল , গুটি , বাকলি আৰু পাতৰ পৰা ভালেমান লিম’নয়ডছ পৃথক কৰিবলৈ সক্ষম হৈছে । এজাডিৰাচিটিন , মেলিয়ানটয়ল , ছালানিন আদি লিম’নয়ডছবোৰে কীট – পতঙ্গক বাধা দিয়ে । উদাহৰণস্বৰূপে এজাডিৰাচিটিনে পোক পতঙ্গক খাদ্য খোৱাত বাধা জন্মায় আৰু হৰমনৰ সমতাৰ ওপৰত কুপ্ৰভাৱ পেলায় । তদুপৰি ই কীট – পতঙ্গৰ পলু অৱস্থাতে জীৱন চক্ৰৰ অগ্ৰগতিত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । ফলত নতুন প্রজন্ম বাধাগ্রস্ত হয় । ছালানিনে আকৌ পোক – পতঙ্গক সক্রিয়ভাৱে আঁতৰাই ৰাখে । নিমত থকা সক্রিয় জৈৱিক উপাদানবোৰে ২০০ তকৈ বেছি প্ৰজাতিৰ কীট – পতঙ্গ , ঘৃণ পোক আৰু নিমাটডৰ কাৰ্যক বাধা দিবলৈ সক্ষম বুলি প্ৰমাণ পোৱা গৈছে । নিমৰ পৰা তৈয়াৰী সামগ্ৰীসমূহ গুৱৰুৱা , চক্ৰী , ফৰিং আদিৰ বাবে কীটনাশকৰূপে পৰিগণিত হৈছে । সাগৰত পোৱা কিছুমান প্রাণী যেনে কেকোঁৰা , মাছ , লালুকী আদিৰ বাদে নিমত থকা ৰাসায়নিক পদার্থসমূহ মানুহ বা অন্যান্য প্রয়োজনীয় কীট – পতঙ্গ , পোক – পৰুৱা বা আন স্তন্যপায়ী প্ৰাণীৰ বাবে মুঠেই অপকাৰী নহয় ।

নিমৰ গুটিৰ পৰা তেল উলিওৱাৰ পাছত যিখিনি অৱশিষ্ট ৰৈ যায় সেইখিনিক নিম কেক বোলে । নিম কেক কৃষিকাৰ্য , হাঁহ , কুকুৰা তথা আন পশু পালনত ব্যৱহাৰ কৰিব পাৰি । প্রাচীন কালৰে পৰা কৃষিকাৰ্যত নিমকেক সাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । নিমকেকে মাটিক পৰিপুষ্টিৰ যোগান ধৰাৰ উপৰিও মাটিত থকা অনিষ্টকাৰী কীট – পতঙ্গ , নিমাটড আৰু কিছুমান ভেকুঁৰক আঁতৰাই পঠায় । নিমকেকত থকা পুষ্টিকাৰকৰ মূল্য অধিক । বৃদ্ধি আৰু বিকাশৰ বাবে নিমকেত বহুতো দৰকাৰী এমাইন এছিড পোৱা যায় । হাঁহ , পাৰ আদি ঘৰচীয়া চৰাইক নিমকেক খাবলৈ দিলে সিহঁতৰ দেহত থকা পোক মৰে ।

বিশ্বৰ উন্নত দেশসমূহত যেনে জার্মানী , বৃটেইন , আমেৰিকা , জাপান আদিত মহানিমৰ ওপৰত এতিয়ালৈকে যিমানবোৰ গৱেষণা কাৰ্য চলিছে ভাৰতত তাৰ আধাসংখ্যকো হোৱা নাই বুলিব পাৰি । ভাৰতত ছেগা – ছোৰোকাকৈহে চলিব লাগিছে । ১৯২০ চনত বাঙ্গালোৰত থকা ‘ দা ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স’য়ে নিমতেল আৰু নিমকেৰ সম্ভাৱ্য্য বাণিজ্যিক ব্যৱহাৰৰ ওপৰত গৱেষণা চলায় । ১৯৩৩ চনলৈকে নিমকেক কেৱল কুঁহিয়াৰ খেতিত সাৰ হিচাপে আৰু উঁই পোকৰ পৰা হাত সাৰিবলৈ প্ৰয়োগ কৰা হৈছিল । অন্ধ্ৰপ্ৰদেশৰ কেন্দ্ৰীয় ধপাত গৱেষণা প্ৰতিষ্ঠানৰ বি ছি যোশীয়ে নিমৰ ওপৰত চলোৱা গৱেষণাৰ ভিত্তিত ১৯৭৬ চনত কৃষকসকলক পৰামৰ্শ দিছিল যে নিম গুটিৰ শাহৰ জুলীয়া অৱস্থাই ধপাতৰ এটা অতি অনিষ্টকাৰী পোক Spodoptera lituras আঁতৰাই ৰাখিব পাৰে । এতিয়া কৃষকে নিম গুটিৰ নিষ্কৰ্য ধপাত গছৰ ওপৰত ছটিয়াই উপকৃত হৈছে । বাঙ্গালোৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কবি খেতিৰ ওপৰতো প্ৰয়োগ কৰি সুফল পোৱা গৈছে । এক হেক্টৰ শস্যক ৰক্ষা কৰিবলৈ ২ বা ৩ জোপা গছেই যথেষ্ট ।

অধিক ফল পাবলৈ নিমৰ দ্ৰৱসমূহক আন কিছুমান জৈৱিক দ্ৰব্যৰ লগতো মিহলোৱা হয় । অৱশ্যে অনিষ্টকাৰী পোকে খুব বেছি পৰিমাণে শস্যক আক্ৰমণ কৰিলে নিমৰ প্ৰতিৰোধ ক্ষমতা হ্রাস পায় বা কেতিয়াবা একেবাৰে নাথাকে । কিয়নো অনিষ্টকাৰী পোকৰ বিৰুদ্ধে নিমৰ দ্ৰৱসমূহে লাহে লাহে ক্ৰিয়া কৰিবলৈ সক্ষম ।

পৰিতাপৰ বিষয় এয়ে যে ভাৰতত নিম কীটনাশক ব্যাপক মাত্রাত বর্তমানেও প্ৰয়োগ কৰা হোৱা নাই । এয়া দেশৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত আৰু অল্পশিক্ষিত কৃষকৰ সজাগতাৰ অভাৱ বুলিয়েই ক’ব পাৰি । তেওঁলোকে দ্ৰুতহাৰত ক্ৰিয়া কৰিব পৰা ৰাসায়নিক দ্রব্যৰ বহুল ব্যৱহাৰতহে অধিক গুৰুত্ব আৰোপ কৰে । অৱশ্যে ভৱিষ্যতে যে দৃশ্যপট সলনি হ’ব সেয়া নিসন্দেহে ক’ব পাৰি ।

ঔষধি গুণাগুণ : –

মহানিমৰ ঔষধি গুণৰ বিষয়ে জনবিশ্বাস অতি প্রাচীন । ভাৰতত আয়ুৰ্বেদিক ঔষধত নিমৰ গুটি , পাত , বাকলি আৰু শিপাৰ ৰস বহুলভাৱে ব্যৱহাৰ কৰে । নিমৰ ঠাৰিৰে দাঁত মজাটো কেৱল ভাৰততে নহয় , এছিয়াৰ দেশসমূহ তথা আফ্ৰিকাৰ ঠাইবিশেষেও প্ৰচলিত । ঠাৰিৰে দাঁত পৰিষ্কাৰ কৰিলে দাঁত দৃঢ় হয় । মহানিমৰ পাত সৰু আইৰ প্রতিষেধকৰূপে পৰিগণিত হৈ আহিছে ৷ই এই ৰোগৰ দৰবৰো কাম কৰে । সৰু আইৰ প্ৰাদুৰ্ভাৱ হ’লে ঠাৰিৰে সৈতে নিমৰ পাত আনি বিচনা বা ঘৰৰ কোঠালীত মানুহে ৰাখে । তেনে কৰিলে সৰু আইৰ পৰা সোনকালে আৰোগ্য হ’ব পাৰি বুলি জনবিশ্বাস আছে ।

শিপাৰ উতলোৱা ৰস পেটৰ অতিসাৰ ৰোগত উপকাৰী । শিপাৰ ৰস এবাৰত প্রায় ১৫ মিঃ লিঃকৈ দিনে তিনিবাৰকৈ খাব লাগে । তদুপৰি পেটত হোৱা কৃমিৰ ঔষধ হিচাপেও শিপাৰ ৰস ব্যৱহৃত হয় । প্রায় ১০ মিঃ লিঃকৈ ৰাতিপুৱা খালীপেটত তিনিদিন খাব লাগে । ছালৰ যিকোনো ৰোগত কুহুমীয়া গৰম পানীত নিমৰ পাত ডুবাই সেই পানীৰে গা ধূলে ৰোগীয়ে সকাহ পায় । সপ্তাহত এদিন ৫-৬ খিলা পাত দৃষ্টি দুই সেকি নিয়মীয়াকৈ খালে ছালৰ ৰোগৰ প্ৰতিষেধকৰূপেও কাম কৰে । মহানিমৰ পাত মাজে সময়ে খালে তেজ পৰিষ্কাৰ হয় । আজিকালি বজাৰত নিম গছৰ পাত , ছাল , শিপা , ফুল আদিৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিওৱা দৈনন্দিন সামগ্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িছে । সংৰক্ষিত সামগ্ৰীসমূহত বা কাপোৰ – কানিৰ মাজত নিমৰ শুকান পাত কেইখিলামান ৰাখিলে কীট – পতঙ্গই বয়বস্তুক সহজে অনিষ্ট কৰিব নোৱাৰে ।

বিজ্ঞানীসকলে নিমৰ ভেকুঁৰ , বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে কাৰ্য কৰিব পৰা গুণো আৱিষ্কাৰ কৰিছে । তদুপৰি ব্যাপক অনুসন্ধানৰ মূৰত মেলেৰিয়া আৰু বহুমূত্ৰ ৰোগৰ বিৰুদ্ধে কাম কৰিব পৰা ক্ষমতাৰো সঠিক প্ৰমাণ পোৱা গৈছে । নিমৰ পাতৰ ৰস বা নিম তেল বিভিন্ন ধৰণৰ ছালৰ ৰোগ , গেলা ঘাঁ বা খহু আৰু জুইয়ে পোৰাত ব্যৱহাৰ কৰি সুফল পোৱা যায় । আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰি প্ৰমাণ পাইছে যে নিমৰ পাতৰ ৰসৰ হেপাটাইটিছ বি ভাইৰাছৰ ( জণ্ডিছ ৰোগৰ কাৰক ) কিছুমান এনজাইমক বাধা দিব পৰা ক্ষমতা আছে । সেইদৰে খৰ সৃষ্টিকাৰী ভাইৰাছৰ বিৰুদ্ধে নিমৰ ঔষধি গুণ প্রমাণিত হৈছে । জাপান , জার্মানী আৰু বৃটেইনৰ ৩ টা বহুৰাষ্ট্ৰীয় কোম্পানীয়ে নিমৰ পৰা এবিধ এনজাইম উলিয়াইছে যিটোৱে মাৰাত্মক এইড্‌ছ ৰোগত আক্ৰান্ত কোষ বিভাজনত বাধা জন্মায় । এইবোৰ দিশলৈ চাই নিম গছৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।

বংশবৃদ্ধিঃ

বীজৰ জৰিয়তে মহানিম গছৰ বংশ বৃদ্ধি হয়।

পঢ়ক:

ঔটেঙা উৎকৃষ্ট বনৰীয়া টেঙা গছ

বকুল সুগন্ধিযুক্ত ফুলৰ গছ

3 thoughts on “মহানিম সেউজীয়া সোণ”

Leave a Comment